Share to: share facebook share twitter share wa share telegram print page

অপাৰেচন চাৰ্চলাইট

অপাৰেচন চাৰ্চলাইট
বাংলাদেশৰ জাতীয়তাবাদী আন্দোলনৰ অংশ
তাৰিখ ২৬ মাৰ্চ, ১৯৭১-২৫ মে, ১৯৭১[1]
অৱস্থান পূব পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)
ফলাফল
  • Temporary West Pakistani occupation
  • Organization of Bengali popular resistance
যুজাৰু
বাংলাদেশ মুক্তি বাহিনী

বাংলাদেশ বাংলাদেশৰ অস্থায়ী চৰকাৰ

  • আৱামী লীগ
পাকিস্তানী সেনা
কমাণ্ডাৰ আৰু দলপতিসকল
বাংলাদেশ Premier তাজুদ্দিন আহমেদ

বাংলাদেশ Col. M. A. G. Osmani

য়াহায়া খান
  • লেফটেনেন্ট জেনেৰেল তিক্কা খান
  • লেফটেনেন্ট জেনেৰেল আমিৰ আব্দুল্লাহ খান নিয়াজি
  • মেজৰ জেনেৰেল এ. অ. মিথা
  • মেজৰ জেনেৰেল ৰাও ফৰমান আলি
  • ৰিয়েৰ এডমিৰেল মহম্মদ শ্বাৰিফ
  • ব্ৰিগেডিয়াৰ জেনেৰেল ৱিলিয়াম হেৰিছন
  • ACdre ইনামুল হক
সৈন্য শক্তি
Bengali Forces: ~8,000 Bengali soldiers from East Bengal Regiments[2]

Paramilitary Forces:
East Pakistan Rifles:~13,000 soldiers[3]
Civilian volunteers: unknown (usually unarmed)
Reinforcements: unknown number of unarmed ex-servicemen and civilians

Pakistan Army: 14th Infantry Division, estimated 18,000+ soldiers,[4]

1 armored regiment (75 M24 Chaffee tanks). Paramilitary Forces: ~3,000 East Pakistan Rifles, 1800 East Pakistan Police personnel[3]
Reinforcements: The 9th and 16th Infantry divisions from West Pakistan
Pakistan Air Force: 20 F-86 Sabre, 3 T-33 trainers, 4 Helicopters, 5 C-130 Heracles transport planes.

Pakistan Navy: 4 Gunboats and 1 Patrol Boat,[5] 1 Destroyer.[6]

ক্ষয়ক্ষতিৰ পৰিমাণ
Mukti Bahini: 10,000 KIA, ~4,000+[7] POWs. ~6,000 KIA and wounded[8] a few POWs.
Civilian death toll: Estimated several hundred thousands Bengali civilians.

অপাৰেচন চাৰ্চলাইট মাৰ্চ, ১৯৭১ চনত তৎকালীন পূব পাকিস্তানত বঙালী জাতীয়তাবাদী আন্দোলন দমন কৰিবলৈ পাকিস্তানী সেনাই চলোৱা এক পৰিপল্পিত অভিযান আছিল।[9] পশ্চিম পাকিস্তানত অৱস্থিত কেন্দ্ৰীয় চৰকাৰৰ আদেশত পৰিচালিত এই অপাৰেচনক নৱেম্বৰ ১৯৭০ চনৰ অপাৰেচন ব্লিট্‌জৰ অংশ হিচাবে ধৰা হৈছিল। প্ৰথম আঁচনীমতে ইয়াৰ উদ্দেশ্য আছিল মাৰ্চ ২৬ পৰ্য্যন্ত পূব পাকিস্তানৰ সকলো মুখ্য চহৰ অধিকাৰ কৰা আৰু তাৰ পাচত এক মাহৰ ভিতৰতে সকলো সামৰিক আৰু ৰাজনৈতীক বিৰোধিতা নিৰ্মূল কৰা।[10] পাক পৰিকল্পনাকাৰীসকলে দীৰ্ঘকালীন বঙালী প্ৰতিৰোধ আশা কৰা নাছিল।[11] মে' মাহৰ মাজভাগত বঙালীসকলৰ ডাঙৰ ডাঙৰ চহৰখিনিৰ পতনৰ লগে লগে অপাৰেচন চাৰ্চলাইটৰ অন্ত পৰে। এই অপাৰেচনৰ লগে লগে ১৯৭১ চনৰ বাংলাদেশ আতিশয্যৰ আৰম্ভণি হয় আৰু প্ৰায় ১০ মিলিয়ন শৰণাৰ্থীক ভাৰতলৈ পলাই যাবলৈ বাধ্য কৰে। বঙালীসকলৰ প্ৰণালীবদ্ধ হত্যাই তেওঁলোকক পাকিস্তানৰ পৰা স্বাধীনতা ঘোষণা কৰিবলৈ উদগায় আৰু স্বাধীন বাংলাদেশ ৰাষ্ট্ৰৰ স্থাপনা কৰে।[12]

পাকিস্তানে ভাৰতৰ বিপক্ষেও এই সময়তে অপাৰেচন জেংগিজ খান চলায় আৰু বিফল হয়। ইয়াৰ পাচত ভাৰতে বাংলাদেশৰ মুক্তি বাহিনীৰ লগত যোগ হৈ পূব পাকিস্তানত সামৰিক হস্তক্ষেপ কৰে আৰু তথাক্ৰমে ৰণত হাৰি পাকিস্তানে ১৬ ডিচেম্বৰ ১৯৭০ ত নিঃস্বৰ্ত আত্মসমৰ্পণ কৰে।[13]

পশ্চাদপট

১৯৭০ চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত আৱামী লীগৰ বিপুল জয়লাভৰ (৩০০ ৰ ভিতৰত ১৬৭ খন আসন পাই) পাচত বঙালী জনতাই আশা কৰিছিল যে ছয়দফীয়া কাৰ্য্যসূচীৰ আধাৰত আৱামী লীগৰ চৰকাৰ গঠন হ'ব। ১৯৭১ চনৰ ২৮ ফেব্ৰুৱাৰীত পাকিস্তানৰ ৰাষ্ট্ৰপতি য়াহায়া খানে পাকিস্তান পিপল্‌চ পাৰ্টীজুলফিকৰ আলি ভুট্টোৰ হেঁচাত জাতীয় সংসদৰ মাৰ্চত হ'বলগা বৈঠক ৰদ কৰে। পাকিস্তান পিপল্‌চ পাৰ্টীয়ে ইতিমধ্যে শ্বেখ মুজিবৰ স্থান দুৰ্বল কৰিবৰ বাবে লবী কৰিবলৈ আৰম্ভ কৰে, ভুট্টোৱে এইবুলিও কোৱা শুনা গ'ল যে তেওঁ বঙালীসকলক দুৰত ৰাখিবলৈ বিচাৰে। প্ৰতিবাদত আৱামী লীগে এক অসহযোগ আন্দোলন (বিশেষকৈ ৭ নৱেম্বৰৰ ৰেলীত ভালদৰে পৰিস্ফুট) আৰম্ভ কৰিলে। ই ইমানেই সফল আছিল যে পূব পাকিস্তানত পাকিস্তান চৰকাৰৰ দখল কেৱল কেন্টনমেন্ট আৰু চৰকাৰী সংগঠন সমূহত হে অটুত আছিল।[14] সাধাৰণ নাগৰিক আৰু পাক সেনা আৰু বিহাৰী সম্প্ৰদায়ৰ মাজত প্ৰায় নিয়মীয়া সংঘৰ্ষ হ'বলৈ ধৰিলে। মাৰ্চত মুজিবৰ লগত আলোচনা কৰিবৰ বাবে ৰাষ্ট্ৰপতি য়াহায়া খান ঢাকালৈ যায়। পাচত জুলফিকৰ আলি ভুট্টোৱেও এই আলোচনাত যোগ দিয়ে। আৱামী লীগে দাবী কৰাৰ মতে পূব পাকিস্তানলৈ ক্ষমতা হস্তান্তৰ পাকিস্তান দুৰ্বল হ'ব বা ভাগি যাব পাৰে বুলি বা আন্দোলনৰ পৰিপ্ৰেক্ষিতত পিচ হুহকিলে লাজ পাব বুলি গুল হাচান খানকে আদি কৰি পাকিস্তানী সেনা জেনেৰেলসকলে অৱশেষত সামৰিক দমনৰ সপক্ষে মত পোষণ কৰিলে।[14]


অপাৰেচন আৰম্ভ কৰাৰ আগে আগে জেনেৰেল হেডকোৱাৰ্টাৰত এক বৈঠক অনুষ্ঠিত হয়। [স্পষ্টীকৰণৰ প্ৰয়োজন] পূব পাকিস্তানৰ সামৰিক শাসন প্ৰশাসক আৰু পাকিস্তানৰ ইষ্টাৰ্ণ মিলিটেৰী হাই কমাণ্ডৰ ইউনিফাইড কমাণ্ডাৰ ভাইচ এডমিৰেল চৈয়দ মহম্মদ আহচানে ইয়াৰ বিৰোধিতা কৰিলে।[14] এয়াৰ কম'ডৰ মিট্টী মাচুদেও পূব পাকিস্তানত সামৰিক হিংসাৰ প্ৰয়োগে অধিক হিংসাৰ সৃষ্টি কৰিব বুলি আশংকা কৰি ইয়াৰ বিৰোধিতা কৰে। কিন্তু বৈঠকত পাকিস্তান আৰ্মী আৰু এয়াৰ ফ'ৰ্চৰ জেনেৰেলসকলৰ হেচাত পৰি য়াহায়া খানে তেওঁৰ আৰ্মী আৰু এয়াৰ ফ'ৰ্চৰ কমাণ্ডাৰ সকল নাৰু নূবাহিনীক অপাৰেচন আৰম্ভ কৰিবলৈ আদেশ দিয়ে।[14] হতাশ আৰু অকলশৰীয়া হৈ পৰা এডমিৰেল আহচানে প্ৰতিবাদত পদত্যাগ কৰিলে।[14] পাচত মিট্টী মাচুদেও পদত্যাগ কৰে।[14]

পৰিকল্পনা

কেনেকৈ পৰিকল্পনা কৰা হৈছিল

২২ ফেব্ৰুৱাৰীত পাকিস্তান সেনাৰ বৰমুৰীয়া সকলৰ এখন বৈঠকত লোৱা সিদ্ধান্তমৰ্মে ১৪শ ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল খাদিম হুছেইন ৰাজা আৰু মেজৰ জেনেৰেল ৰাও ফাৰমান আলিয়ে ১৯৭১ চনৰ মাৰ্চ মাহত অপাৰেচন চাৰ্চলাইটৰ আঁচনি প্ৰস্তুত কৰে।[15] পশ্চিম পাকিস্তানকুৱেটাৰ ১৬শ ইনফেন্ট্ৰি আৰু খাৰিয়ানৰ ৯ম ডিভিজনক ফেব্ৰুৱাৰীৰ মাজভাগত পূব পাকিস্তানলৈ ৰাওনা হ'বৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিয়া হ'ল।

আঁচনি ৰূপায়নৰ আগে আগে পূব পাকিস্তানত থকা এই আক্ৰমণ সমৰ্থন নকৰা বৰিষ্ঠ পাকিস্তানী বিষয়া লেঃ জেনেৰেল চাহাবজাদা য়াকুব খান, জি অ' চি ইষ্ট পাকিস্তান আৰু পূব পাকিস্তানৰ গৱৰ্ণৰ ভাইচ এডমিৰেল চৈয়দ মহম্মদ আহচানক আঁতৰাই দিয়া হ'ল।[16] লেঃ জেনেৰেল টিক্কা খানক পূব পাকিস্তানৰ গৱৰ্ণৰ আৰু জি অ' চি নিয়োগ কৰা হ'ল। ১৭ মাৰ্চত জেনেৰেল ৰাজাক টেলিফোনযোগে পাকিস্তানী সেনাৰ চীফ অব ষ্টাফ (COS) জেনেৰেল হামিদে অপাৰেচনৰ বাবে পৰিকল্পনা কৰিবলৈ ক্ষমতা দিয়া হ'ল। ১৮ মাৰ্চৰ ৰাতিপুৱা জেঃ ৰাজা আৰু মেজৰ জেঃ ৰাও ফাৰমান আলিয়ে ঢাকা কেন্টনমেন্টত জি অ' চিৰ কাৰ্যালয়ত আঁচনীৰ লিখিত ৰূপ দিয়ে। পাতল নীলা ৰঙৰ অফিচ পেডত কাঠ পেঞ্চিলেৰে জেঃ ফাৰমানে লিখা এই আঁচনীখনত চাৰি বা পাঁচ পৃষ্ঠাত ১৬ টা পেৰাগ্ৰাফ আছিল।

জেঃ ফাৰমানে অপাৰেচনৰ আধাৰ আৰু সফলতাৰ স্বৰ্তসমূহ (operational premises and conditions for success) নিৰ্ধাৰিত কৰে। জেনেৰেল খাদিম ৰাজাই সেনাৰ বিতৰণ আৰু ব্ৰিগেড আৰু অন্যান্য গোট সমূখৰ বিতৰণ থিৰাং কৰে। এই কথা ধৰি লোৱা হ'ল যে বঙালী সেনা আৰু অন্যান্য সামৰিক গোটসমূহে অপাৰেচনৰ আৰম্ভণিতেই বিদ্ৰোহ কৰিব।[17] আৰু সেয়ে অপাৰেচনৰ আৰম্ভণিতেই সকলো অস্ত্ৰধাৰী বঙালী গোটকে নিৰস্ত্ৰ কৰি লোৱা হ'ব। ৰাজনৈতীক নেতা সকলক য়াহায়া খানৰ লগত হোৱা এখন বৈঠকৰ সময়তে এৰেষ্ট কৰা হ'ব। কোনো অপাৰেচনেল ৰিজাৰ্ভ নিৰ্দিষ্ট কৰা হোৱা নাছিল। ২০ মাৰ্চত এই হাতেলিখা আঁচনীখন জেঃ হামিদ আৰু লেঃ জেঃ টিক্কা খানে ফ্লেগ ষ্টাফ হাউচত পুনৰীক্ষণ কৰে। জেনেৰেল হামিদে বঙালী নিয়মীয়া (regular) সেনা গোটসমূহৰ তৎকাল নিৰস্ত্ৰীকৰণৰ বিৰোধিতা কৰিলেও ইষ্ট পাকিস্তান ৰাইফলচ (EPR), সশস্ত্ৰ পুলিচ আৰু অন্যান্য পেৰা-মিলিওটেৰী গোটসমূহৰ নিৰষ্ট্ৰীকৰণত সমৰ্থন দিলে। য়াহায়া খানে আলোচনাৰ সময়ত বঙালী নেতাসকলৰ এৰেষ্ট সমৰ্থন নকৰিলে।[17] পৰিস্কৃত আঁচনীখন বিভিন্ন এৰিয়া কমাণ্ডাৰসকলৰ মাজত বিতৰণ কৰা হ'ল।

অপাৰেচন ২৫ মাৰ্চ ১৯৭১ ত ঢাকাত আৰম্ভ হ'ব আৰু অন্যান্য গেৰিচনসমূহক তেওঁলোকৰ কাৰ্য্য আৰম্ভ কৰিবলৈ ঠিক আগমুহুৰ্তত ফোনদ্বাৰা সংকেট দিয়া হ'ব। জেঃ ফাৰমান আলিয়ে ঢাকাৰ ফৌজক পৰিচালিত কৰিব আৰু পূব পাকিস্তানৰ বাকী অংশৰ দায়িত্বত জেঃ খাদিম থাকিব। লেঃ জেঃ টিক্কা খান আৰু তেওঁৰ কৰ্মচাৰীবৃন্দ ৩১শ ফিল্ড কমাণ্ড চেন্টাৰত থাকিব আৰু ১৪শ বেটেলিয়নক পৰিচালনা কৰিব।

আঁচনীৰ মুখ্যাংশ

অপাৰেচনৰ আধাৰ

পাকিস্তানী পৰিকল্পনাকাৰ সকলৰ মতে এই অপাৰেচনে আৱামী লীগ আৰু ইয়াৰ অংগসমূহ আৰু সামৰিক শাসনক বিৰোধিতা কৰা ইয়াৰ আন্দোলনৰ সমৰ্থক যিকোনো অসামৰিক আৰু সামৰিক শক্তিক নিৰ্মূল কৰা। অপাৰেচনৰ সফলতাৰ বাবে ক্ৰুৰতা, আকস্মিকতা, চলনা আৰু বেগক প্ৰাধান্য দিয়া হৈছিল। শক্তিৰ মুক্ত আৰু প্ৰচণ্ড প্ৰয়োগৰো অনুমতি আছিল। অসামৰিক আৰু হিন্দু এলেকাসমূহৰ তালাচী লোৱা আৰু আক্ৰমণ কৰাৰো অনুমতি আছিল।[18]

সফলতাৰ পূৰ্বস্বৰ্তসমূহ

অপাৰেচনৰ সফলতাৰ বাবে স্বৰ্তসমূহ আছিল:[18]

  1. সমগ্ৰ পূব পাকিস্তানতে একে সময়তে অভিযান আৰম্ভ কৰা হ'ব।
  2. যথাসম্ভৱ ৰাজনৈতীক আৰু ছাত্ৰনেতা, আৰু সাংস্কৃতিক অনুষ্ঠান আৰু শিক্ষকতাৰ লগত জড়িত ব্যক্তিক আটক কৰা।
  3. ঢাকাত অভিযান ১০০% সফল হ'বই লাগিব। ঢাকা বিশ্ববিদ্যালয় অধিকাৰ কৰি তালাচী চলোৱা।
  4. কেন্টনমেন্টসমূহ অধিকাৰ কৰোঁতে আগ্নেয়াস্ত্ৰৰ মুক্ত ব্যৱহাৰৰ অনুমতি।
  5. টেলিফোন, টেলিভিশ্যন, ৰেডিঅ' আৰু টেলিগ্ৰাফকে ধৰি সকলো আভ্যন্তৰিণ আৰু বহিঃসংযোগ বিচ্ছিন্নকৰণ।
  6. সকলো পূব পাকিস্তানী বঙালী সৈন্যদলৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি প্ৰশমিতকৰণ (neutralization)।
  7. আৱামী লীগক আভুৱা ভাৰিবলৈ য়াহায়া খানে আনকি ভুট্টো মান্তি নহলেও আলোচনা চলাই যাব আৰু আৱামী লীগৰ দাবীসমূহ মানি ল'ব।

অপাৰেচনৰ নিৰ্ধাৰিত কেন্দ্ৰসমূহ আছিল খুলনা, চিতাগং, কোমিল্লা, জেচোৰ, ৰাজশ্বাহী, ৰংপুৰ, চৈদপুৰ আৰু চিলেট, য'ত পশ্চিম পাকিস্তানী সেনাৰ আধিক্য আছিল। অপাৰেচনৰ প্ৰাৰম্ভিক পৰ্যায়ত পূব পাকিস্তানৰ অন্যান্য অংশৰ পাকিস্তানী সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ গোটসমূহে নিয়ন্ত্ৰণ বজাই ৰাখি সেনা আপুৰ্তিৰ বাবে অপেক্ষা কৰিব। ঢাকা অধিকাৰ কৰাৰ পাচত পাকিস্তানৰ পৰা ৯ম আৰু ১৬শ ডিভিজনক বিমানযোগে পূব পাকিস্তানলৈ অনা হ'ব। বিমানকোঁঠ থকা নগৰ সমূহত (চিতাগং, চিলেট, জেচোৰ, ৰংপুৰ, কোমিল্লা) ঢাকাৰপৰা বিমান আৰু হেলিকপ্তাৰযোগে সেনা আপুৰ্তি কৰা হ'ব।

যদিও আঁচনীত পূব পাকিস্তানৰ দমনৰ বাবে সময়সীমা বান্ধি দিয়া হোৱা নাছিল, ৰাজনৈতীক নেতা সকলৰ এৰেষ্ট আৰু বঙালী সামৰিক-অৰ্ধসামৰিক গোটসমূহৰ নিৰস্ত্ৰীকৰণৰ পাচত আতংকৰ সৃষ্টি কৰি এসপ্তাহৰ ভিতৰতে সাধাৰণ মানুহক সামৰিক শাসন মানি লবলৈ বাধ্য কৰোৱা যাব বুলি ধৰি লোৱা হৈছিল।[19] লেঃ জেঃ টিক্কা খানে ভাবিছিল যে ১০ এপ্ৰিললৈ কোনো বিৰোধিতা বাকী নাথাকিবগৈ।[11]

পূব পাকিস্তানৰ পাকিস্তানী সশস্ত্ৰ বলৰ গাঁঠনী (Composition)

Operation Searchlight: Location of Pakistani and Bengali units on 25th March 1971. Some unit locations are not shown.

মাৰ্চ ১৯৭১ত পূব পাকিস্তানত পাক সেনাৰ কেৱল ১৪শ ডিভিজনহে মোতায়েন আছিল। ইয়াৰ লগত সাধাৰণতে থকাৰ দৰে তিনিটাৰ বিপৰীতে চাৰিটা ইনফেন্ট্ৰি ব্ৰিগেড আছিল।[20] পশ্চিম পাকিস্তানৰ ব্ৰিগেডিয়াৰ জাহানজাব আৰবাবৰ অধীনস্থ ৫৭ম ইনফেন্ট্ৰি ব্ৰিগেড ঢাকাত, ৫৩ম ইনফেন্ট্ৰি ব্ৰিগেড (ব্ৰিঃ ইকবাল চাফী - পঃ পাকিস্তান) কোমিল্লাত, ২৩শ ব্ৰিগেড (ব্ৰিঃ আব্দুল্লা খান মালিক - পাকিস্তান) আৰু ১০৭ম ব্ৰিগেড (ব্ৰিঃ এ আৰ ডুৰাণী - পঃ পাকিস্তান) জেচোৰত মোতায়েন আছিল। ব্ৰিঃ এম এইচ্‌ মজুমদাৰ, বঙালী, চিতাগং এলেকাৰ কমাণ্ডত আছিল। সাধাৰণতে প্ৰত্যেক ব্ৰিগেডতে ৩-৪ টা ইনফেন্ট্ৰী বেটেলিয়ন আৰু এটা ফিল্ড আৰ্টিলাৰী ৰেজিমেন্ট আৰু অন্যান্য সহযোগী অংগ থাকে।

এই চাৰিটা ব্ৰিগেডৰ মুঠ ১২টা ইনফেন্ট্ৰি বেটেলি্য়ন আছিল[21] - ৰেজিমেন্ট বিলাকত সাধাৰণতে ৯১৫ জনকৈ সৈন্য থাকে। ২৫ মাৰ্চ ১৯৭১ত এওঁলোকৰ সৈন্যসমূহ সম্পূৰ্ণৰূপে পশ্চিম পাকিস্তানী আছিল - মুখ্যতঃ পঞ্জাবী, বেলুচ, পষ্টুন বা পাঠান আৰু সিন্ধী মূলৰ। ডিভিজনটোত বিভিন্ন পূব পাকিস্তানী বেচত ৫টা ফিল্ড আৰ্টিলাৰী ৰেজিমেন্ট, এটা লাইট এন্টি এয়াৰক্ৰাফ্‌ট ৰেজিমেন্ট আৰু এটা কমাণ্ডো বেটেলিয়ন আছিল, প্ৰায় সকলো পশ্চিম পাকিস্তানী।[21] ২৯শ কেভালৰি, ৰংপুৰত নিয়োজিত পূব পাকিস্তানত থকা একমাত্ৰ আৰ্মাৰ্ড ৰেজিমেন্ট মিশ্ৰিত আছিল।[22] ইষ্ট পাকিস্তান ৰাইফলচৰ (EPR) ২০% আছিল পশ্চিম পাকিস্তানৰ। বিভিন্ন কেন্টনমেন্টত থকা বিভিন্ন গোটবোৰৰ সহযোগী অংগবোৰৰ সৈনিকসকলো মিশ্ৰিত জাতীয়তাৰ আছিল। বেছিভাগ গাইগুটীয়া গোটৰ কমাণ্ডাৰসকল পশ্চিম পাকিস্তানী বিষয়া আছিল। ঢাকাৰ ষ্টেশ্যন হেডকোৱাৰ্টাৰ (HQ), গাজীপুৰৰ পাকিস্তান অৰ্ডনেন্স ফেক্টৰী, ঢাকাৰ চেন্ট্ৰেল অৰ্ডনেন্স ডিপো, ৰাজেন্দ্ৰপুৰৰ এমুনিশ্যন ডিপো, চিতাগঙৰ এম্‌বাৰ্কেশ্যন ইউনিট আৰু কিছুমান ফিল্ড ইন্টেলিজেন্স ইউনিটৰো সামৰিক কৰ্মীসকলৰো বেছিসংখ্যক পশ্চিম পাকিস্তানী আছিল।[23]

ঢাকা এয়াৰবেচত পাকিস্তান এয়াৰ ফৰ্চৰ ২০ খন F-86 চেবৰ জেট আৰু তিনিখন T-33 শ্বুটিং ষ্টাৰ ট্ৰেইনাৰ আছিল। মেজৰ লিয়াকৎ বুখাৰীৰ কমাণ্ডত পূব পাকিস্তানত আৰ্মী এভিয়েশ্যন উইঙৰ ২ খন Mil Mi-8 আৰু ২ খন এলুয়েৎ III হেলিকপ্তাৰ আছিল।[24] ২৫ মাৰ্চ ১৯৭১ৰ পাচত গোটেই স্কোৱাড্ৰনটোকে ঢাকালৈ লৈ যোৱা হয়।[23] পশ্চিম পাকিস্তানৰপৰা ঢাকালৈ C-30 হাৰকিউলিচ বিমানো অনা হয়।

ৰিয়েৰ এডমিৰেল (পাচলৈ 4-ষ্টাৰ এডমিৰেল) মহম্মদ শ্বৰীফক পূব পাকিস্তানত পাকিস্তান নৌসেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ কমাণ্ড দিয়া হ'ল। পাকিস্তান নৌসেনাৰ ৪ খন গানব'ট[25] ৰাজশ্বাহী, জেচোৰ, কোমিল্লা আৰু চিলেট, এখন পেট্ৰল ব'ট বালঘাট আৰু ডেষ্ট্ৰয়াৰ পি এন এচ জাহাংগীৰ[26] অপাৰেচন আৰম্ভ হোৱাৰ পাচত পাক নৌসেনাৰ ফ্লেগশ্বিপ পি এন এচ বাবৰক পূব পাকিস্তানলৈ অনা হ'ব।[26] মুখ্য নৌ আড্ডা সমূহ আছিল ঢাকা, চিতাগং আৰু মংলা।

পূব পাকিস্তানৰ পাকিস্তান সেনাবাহিনীৰ গোটসমূহ

মাৰ্চ ১৯৭১ত পূব পাকিস্তানত ৬ টা নিয়মীয়া বঙালী ইনফেন্ট্ৰী ৰেজিমেন্ট আছিল। জেচোৰত ১০৭ম ব্ৰিগেডৰ লগত ১ম ইষ্ট বেংগল ৰেজিমেন্ট (EBR) আছিল। ২য় EBR ৫৭ম ব্ৰিগেডৰ লগত ঢাকাৰ উত্তৰে জয়দেৱপুৰত আছিল। ৩য় EBR ২৩শ ব্ৰিগেডৰ লগত চইদপুৰত আছিল আৰু ৪ৰ্থ EBR কোমিল্লাংত ৫৩ম ব্ৰিগেডৰ লগত আছিল। চিতাগঙৰ ৮ম EBR পশ্চিম পাকিস্তানলৈ যাবলৈ তৈয়াৰীত আছিল আৰু ৭৫% হে আছিল। চিতাগঙৰ ইষ্ট বেংগল ৰেজিমেন্টেল চেন্টাৰত নৱগঠিত ৯ম EBR -অকে ধৰি ২০০০ বঙালী সৈনিক আছিল। প্ৰশিক্ষণৰত ১০ম EBR ১৪শ ডিভিজনৰ লগত ঢাকা কেন্টনমেন্টত আছিল। ১ম, ২য় আৰু ১০ম EBR বঙালী সেনা বিষয়াই পৰিচালনা কৰিছিল, বাকীখিনি পাকিস্তানী বিষয়াৰ অধীনত আছিল।[27]

অন্যান্য বঙালী বাহিনীসমূহ

প্ৰায় সম্পূৰ্ণৰূপে বঙালী ইষ্ট পাকিস্তান পুলিচৰ মুঠ ৩৩,৯৯৫ জনৰ ভিতৰত ২৩,৬০৬ জন অস্ত্ৰসজ্জিত আৰু বাকীখিনিৰ অস্ত্ৰচালনাৰ প্ৰশিক্ষণ আছিল।[28] .303 ৰাইফল চলোৱাত প্ৰশিক্ষণপ্ৰাপ্ত আনচাৰ আৰু মুজাহিদ সদস্য দেশৰ বিভিন্ন স্থানত সিঁচৰিত হৈ আছিল। EPR অৰ ১৫,০০০ জোৱানৰ এক অৰ্ধসামৰিক বাহিনী (৮০% বঙালী)[29] paramilitary ১৭ টা কৰ্মক্ষম বিভাগত (প্ৰত্যেক বিভাগতে ১৫০ জনকৈ জোৱানৰ ৩ ৰ পৰা ৬ টাকৈ কম্পেনীৰে) ৭ টা চেক্টৰত (ঢাকা, মৈমনসিং, জেচোৰ, ৰাজশ্বাহী, দিনাজপুৰ, চিলেট আৰু চিতাগঙৰ হেডকোৱাৰ্টাৰত) দেশৰ বিভিন্ন স্থানত মোতায়েন আছিল। EPR কম্পেনীবিলাক প্ৰায়েই ১৫-২০ জনীয়া চেকশ্যন আৰু ২০-৩৫ জনীয়া প্লেটুনত সীমা বা সীমান্ত চকীসমূহত নিয়োজিত কৰা হৈছিল। নিয়মীয়া সেনা গোটসমূহৰ বিপৰীতে EPR কম্পেনীবিলাক JCO/NCO সকলে পৰিচালনা কৰিছিল (সেনা কম্পেনীসমূহ সাধাৰণতে কেপ্তেইন বা মেজৰ পৰ্যায়ৰ বিষয়াই পৰিচালনা কৰে। ) এই EPR বিভাগসমূহত লঘু এন্টি টেংক অস্ত্ৰ আৰু আৰ্টিলাৰী হিচাবে ৬ টা ম'ৰ্টাৰৰ একোটা প্লেটুন থাকে। EPR-অৰ বেচিভাগ বিষয়াই ২-৩ বছৰৰ বাবে ডেপুটেশ্যনত অহা পশ্চিম পাকিস্তানী নিয়মীয়া সেনাৰ বিষয়া আছিল।

পৰিকল্পনাৰ পূৰ্ব-পদক্ষেপসমূহৰ ৰূপায়ণ

সকলো পাকিস্তানী ইউনিট কমাণ্ডাৰে সম্পূৰ্ণ গোপনীয়তাৰ মাজত যাতে অপাৰেচন আৰম্ভ কৰাৰ আগতে নিজৰ নিজৰ ভূমিকাৰ বিষয়ে জানিব পাৰে তাৰ বাবে পৰিকল্পনাকাৰীসকল সচেতন আছিল। সেনা কেন্দ্ৰীভূত কৰা, যোগান বিতৰণ কৰা, পশ্চিম পাকিস্তানৰ পৰা আৰু সেনা মগোৱা, এৰিয়া কমাণ্ডাৰসমূহক দিহা দিয়া আদি কাৰ্য্য সন্দেহ উদ্ৰেক নকৰাকৈ কৰা প্ৰয়োজন আছিল। ২৪ আৰু ২৫ মাৰ্চত জেঃ হামিদ, জেঃ মিট্ট্‌থা, কোৱাৰ্টাৰমাষ্টাৰ জেনেৰেল আৰু প্ৰিন্সিপাল ষ্টাফ অফিচাৰৰ লগত পাকিস্তানী সেনাৰ জেনেৰেলৰ এটা দলে হেলিকপ্তাৰ যোগে মুখ্য গেৰিচনসমূহ ভ্ৰমণ কৰে আৰু ব্যক্তিগত ভাৱে গেৰিচন কমাণ্ডাৰসমূহ আৰু বৰিষ্ঠ পাকিস্তানী বিষয়াসকলক দিহা দিয়ে। জেঃ ফাৰমানক জেচোৰলৈ পঠোৱা হ'ল। কোমিল্লা আৰু চিটাগঙৰ গেৰিচন কমাণ্ডাৰসকলক জেঃ খাদিমে নিজে অপাৰেচনৰ দিহা দিলে। ব্ৰিগেডিয়াৰ এল-এৰডুচ আৰু কৰ্ণেল চাদুল্লাই ৰংপুৰত দিহা দিলে।[30]

গোপনীয়তা কঠোৰভাবে পালন কৰা হৈছিল। জনাৰ প্ৰয়োজনৰ খাতিৰতহে দুই এক লেঃ কৰ্ণেলে এই পৰিকল্পনাৰ ভু পালে। যদিও কোনো কোনো বঙালী বিষয়া পশ্চিম পাকিস্তানৰ বিষয়াসকলৰ এই দিহা-পৰামৰ্শসমূহৰ বিষয়ে সন্দেহপৰায়ণ আছিল, ব্ৰিফিঙত থকাসকলৰ বাহিৰে কোনেও এই বিষয়ে একো নাজানিলে। [উদ্ধৃতিৰ প্ৰয়োজন]

যোগানতন্ত্ৰ (logistics) ব্যৱস্থাপন

যোগানৰ ব্যৱস্থা চোৱা চিতা কৰিবৰ বাবে মেজৰ জেনেৰেল কমৰ আলি মিৰ্জা আৰু ব্ৰিগেডিয়াৰ হেৰিচন মাৰ্চৰ দ্বিতীয় সপ্তাহত পশ্চিম পাকিস্তানৰ পৰা পূব পাকিস্তান পায়হি। ইয়াৰ মূল কাৰণ আছিল অসহযোগ আন্দোলনৰ ফলত কেন্টনমেন্ট সমূহলৈ খাদ্য সামগ্ৰীৰ যোগান বাধাপ্ৰাপ্ত হৈছিল।[31] মুখ্য এম্যুনিশ্যন ডিপোবোৰ ঢাকাৰ ওচৰৰ ৰাজেন্দ্ৰপুৰত আছিল। ৯০০০ টন অস্ত্ৰ শস্ত্ৰ লৈ চিতাগঙত ৰৈ থকা এম ভি স্বাত নামৰ জাহাজখনৰ পৰা এইখিনি নমোৱাৰ গতিবেগ বঢ়াবলৈ থিৰাং কৰা হ'ল। ইতিমধ্যেই আহি পোৱা ১৩ FF আৰু ২২ বেলুচ সৈন্যদলৰ উপৰিও পাকিস্তানৰ পৰা ঢাকালৈ PIA উড়ানসমূহত আৰু বিশেষ যাত্ৰী আহিবলৈ ধৰিলে।[32] Pakistanis planned to send a brigade to East Pakistan to enhance the chance of success prior to March 25, and the new arrivals were part of that processes.[33] পূব কমাণ্ডত এওঁলোকৰ থকা-খোৱাৰ যা যোগাৰ বঙালী বিষয়াসমূহৰ চকুত পৰিছিল যদিও তেওঁলোকে বিশেষ সন্দেহ নকৰিলে। পাচত জেঃ মিৰ্জা পশ্চিম পাকিস্তানৰ কাম চোৱা চিতা কৰিবলৈ পশ্চিম পাকিস্তানলৈ যায়গৈ আৰু ব্ৰিঃ হেৰিচন ঢাকাত থাকে।[31]

সেনাত ৰদ-বদল

সেনাত থকা বঙালী বিষয়াসকলক স্পৰ্শকাতৰ এলেকা সমূহৰ পৰা আঁতৰাই পঠোৱা হ'ল। নগৰসমূহত পশ্চিম পাকিস্তানী জোৱান নিয়োগ কৰা হ'ল। ২৫শ পঞ্জাব[34] আৰু ২০শ বেলুচ সেনা গোট দুটাৰ যাত্ৰা বিলম্বিত কৰা হ'ল। ২৫ মাৰ্চৰ আগে আগে পশ্চিম পাকিস্তানৰপৰা ১৩শ ফ্ৰন্টিয়াৰ ফ'ৰ্চ আৰু ২২শ বেলুচ ফৌজক বিমানযোগে ঢাকালৈ অনা হ'ল। গোপনীয়তা বৰ্তাই ৰাখিবৰ বাবে প্ৰাথমিক অৱস্থাত কোনো ডাঙৰ ৰেজিমেন্ট ননাটো নিৰ্ণয় কৰা হ'ল।

ব্ৰিঃ মজুমদাৰক এম ভি স্বাতৰপৰা মাল নমাওতে আন্দোলন কৰা বঙালী নাগৰিকৰ ওপৰত গুলি চলাবলৈ অমান্তি হোৱাৰ বাবে জয়দেবপুৰৰ ২ EBR লৈ স্থানান্তৰিত কৰা হ'ল। তেওঁৰ স্থানত ব্ৰিঃ এম এইচ আনচাৰীয়ে (পঃ পাকিস্তান, ঢাকাৰ ষ্টেশ্যন কমাণ্ডাৰ) চিতাগং এলেকাৰ কমাণ্ড চম্ভালিলে।[35] Maj. Khaled Musharraf, Brigade Major of the 57th Brigade in Dhaka, was sent to 4th EBR in Comilla as 2IC on March 22.[36] Lt. Col. Masudul Hasan (CO 2nd EBR) was relieved of his post on March 23, and Lt. Col. Rakibuddin took over on March 25.[37] বঙালী অফিচাৰৰ সমূহীয়া বদলি কৰাৰ পৰা বিৰত থকা ্'ল, কাৰণ এনে কাৰ্য্যই তেওঁলোকৰ মনত সন্দেহৰ সৃষ্টি কৰিব পাৰে। যদিও ফেব্ৰুৱাৰী ১৯৭১ৰ পৰাই সকলো চুটি নাকচ কৰা হৈছিল, বঙালী অফিচাৰসমূহক চুটি ল'বলৈ জোৰ কৰা হ'ল। পশ্চিম পাকিস্তানী অফিচাৰসকলক কিন্তু চুটি লোৱাৰ পৰা বিৰত ৰখা হ'ল। পশ্চিম পাকিস্তানী অফিচাৰসকলৰ পৰিয়ালসমূহক পশ্চিম পাকিস্তানলৈ পঠি্য়াই দিয়া হ'ল। কোনো কোনো ক্ষেত্ৰত পূব পাকিস্তানত থকা পশ্চিম পাকিস্তানৰ অসামৰিক নাগৰিকসকলকো নগৰসমূহলৈ স্থানান্তৰিত কৰা হ'ল। [উদ্ধৃতিৰ প্ৰয়োজন]

২৫ মাৰ্চৰ আগে আগে বঙালী ইউনিট বিলাক বিভাজিত কৰা হ'ল

জেঃ মেজৰ হামিদে বঙালী ইউনিটসমূহৰ সমূহীয়া নিৰস্ত্ৰীকৰণৰ অনুমতি নিদিয়াৰ বাবে তেওঁলোকৰ শক্তি কমাবৰ বাবে অন্য ব্যৱস্থা ল'ব লগা হ'ল।[38][27] তেওঁলোকক হয় কেন্টনমেন্টসমূহৰ বাহিৰলৈ পঠোৱা হ'ল, বা সৰু সৰু টুকুৰীত ভগাই পেলোৱা হ'ল আৰু মুখ্য ৱায়াৰলেচ বা ৰেডিঅ' যোগাযোগ ব্যৱস্থাৰ পৰা দুৰত ৰখা হ'ল। কিছুমান বঙালী অফিচাৰ আৰু জোৱানক চুটি দিয়া হ'ল আৰু কিছুমানক সাৱধানতাৰে নিৰস্ত্ৰ কৰা হ'ল যাতে কোনেও একো সন্দেহ নকৰে।[39]

১ম EBRঅক (৫০%) জেচোৰত প্ৰশিক্ষণৰ বাবে পঠোৱা ্'ল আৰু তাত ২৯ মাৰ্চ পৰ্য্যন্ত ৰখা হ'ল। ২য় EBR অক নিৰস্ত্ৰ কৰি ঢাকাৰ বাহিৰৰ বিভিন্ন স্থানত ডিউটি দিয়া হ'ল আৰু তেওঁলোকৰ বেতাৰ যোগাযোগ বিচ্ছিন্ন কৰি দিয়া হ'ল। ৩য় EBR ক চইদপুৰ কেন্টনমেন্টৰ বাহিৰৰ ঘোৰাঘাট আৰু পাৰ্বতীপুৰত ডিউটি কৰিবলৈ পঠোৱা হ'ল। ৪ৰ্থ EBR ক ব্ৰাহ্মণবৰিয়া আৰু চমচেৰনগৰত নিয়োজিত কৰা হ'ল। কেৱল চিতাগঙতহে নিয়মীয়া বঙালী সেনাৰ ইউনিট বাকী থাকিল। পশ্চিম পাকিস্তানী EBR ট্ৰুপসমূহ নগৰসমূহত মোতায়েন কৰা হ'ল।

অপাৰেচন চাৰ্চলাইট: মাৰ্চ ২৭/২৬ - এপ্ৰিল ১০

Also See: Pakistani order of battle for Operation Searchlight in 1971

ইয়াত ২৫ মাৰ্চৰপৰা ১০ এপ্ৰিললৈকে অপাৰেচন চাৰ্চলাইট চলা কালত নিয়োজিত পাকিস্তানী ইউনিটসমূহৰ বিৱৰণ আৰু সামৰিক ক্ৰিয়াকলাপৰ বৰ্ণনা দিয়া হৈছে। ইয়াত মাত্ৰ অপাৰেচন চাৰ্চলাইটৰ প্ৰমুখ লক্ষ্যসমূহৰ ঘটনাৱলীৰ বিবৰণহে সামৰি লোৱা হৈছে, পূব পাকিস্তানৰ বঙালী বিৰোধৰ (resistance movement) সম্পূৰ্ণ ঘটনাৱলীৰ বিবৰণ ইয়াত নাই। কোনো কোনো স্থানত ২৫ মাৰ্চৰ দিনা পশ্চিম পাকিস্তানী আক্ৰমণ আৰু হত্যালীলাৰ সময়ত বঙালী শক্তিৰ লগত সংঘৰ্ষ হয় যদিও অন্য স্থান সমূহত ৩০ মাৰ্চ পৰ্য্যন্ত কোনোধৰণৰ সংঘৰ্ষ হোৱা নাছিল।

ঢাকা

Operation Searchlight: Location of Pakistani targets in Dhaka on 25th March 1971. Map is not to exact scale.

ঢাকাত মেজৰ জেনেৰেল ফৰমানৰ কমাণ্ডত থকা পাক ট্ৰুপৰ লক্ষ্য আছিল:[40]

  • ০১০০ বজাত সান্ধ্য আইন বলবৎ কৰা।
  • টেলিফোন/টেলিগ্ৰাফ/ৰেডিঅ' ষ্টেশ্যনসমূহ আৰু প্ৰেচসমূহ বন্ধ কৰা।
  • পথ, ৰেল আৰু নদীপথ সমূহ বন্ধ কৰি আৰু নদীত পেট্ৰলিঙৰ ব্যৱস্থা কৰি নগৰৰ সকলো নিকাষ মাৰ্গ অৱৰোধ কৰা।
  • শ্বেখ মুজিব আৰু আৱামী লীগৰ ১৫ জন মুখ্য নেতাক আটক কৰা।
  • ধানমণ্ডি থানা আৰু হিন্দু এলেকাসমূহত ঘৰে ঘৰে তালাচী চলোৱা।
  • ঢাকা বিশ্ববিদ্যালয়, EPR হেডকোৱাৰ্টাৰ আৰু ৰাজৰবাগ পুলিচ লাইন অধিকাৰ, ২য় আৰু ১০ম EBR অক নিৰস্ত্ৰ কৰা।
  • ঢাকা ডিভিজনৰ গাজিপুৰ এম্যুনিশ্যন ফেক্টৰী আৰু ৰাজেন্দ্ৰপুৰৰ আৰ্মচ ডিপো অধিকাৰ আৰু সুৰক্ষিত কৰা।

পাকিস্তানী শক্তি:[41]

ইষ্টান কমাণ্ড হেডকোৱাৰ্টাৰৰ উপৰিও ১৪শ ডিভিজন আৰু ৫৭ম ব্ৰিগেডৰ হেডকোৱাৰ্টাৰো ঢাকা কেন্টনমেন্টত আছিল। তাত থকা নিয়মীয়া সেনা ইউনিটসমূহ আছিল:

  • ৫৭ম ব্ৰিগেড
    • ১৮শ আৰু ৩২শ পঞ্জাব ৰেজিমেন্ট, কমাণ্ডিং অফিচাৰ লেঃ কৰ্ণেল তেজ।
    • ১৩শ ফ্ৰন্টিয়াৰ ফৰ্চ ৰেজিমেন্ট
    • ২২শ বেলুচ ৰেজিমেন্ট
    • ৬০৪শ ইন্টেলিজেন্স ইউনিট
    • ৩১শ ফিল্ড আৰ্টিলাৰি ৰেজিমেন্ট, কমাণ্ডিং অফিচাৰ লেঃ কৰ্ণেল জাহিদ হুচেইন।
  • ১৪শ ডিভিজন হেডকোৱাৰ্টাৰ
    • ৪৩ম লাইট Ack-Ack ৰেজিমেন্ট, কমাণ্ডিং অফিচাৰ লেঃ কৰ্ণেল চাফাট আলি
    • ৩য় কমাণ্ডো বেটেলিয়নৰ অংশবিশেষ, কমাণ্ডিং অফিচাৰ লেঃ কৰ্ণেল জে এ খান
    • ১৯শ চিগনেল ৰেজিমেন্ট, কমাণ্ডিং অফিচাৰ লেঃ কৰ্ণেল ইফটিকাৰ হুচেইন
    • ১৪৯ম ইনফেন্ট্ৰি ৱৰ্কশ্বপ

পাকিস্তানী এয়াৰ ফৰ্চৰ কৰ্মীসকল তেজগাওঁ এয়াৰপৰ্টত নিয়োজিত আছিল। ৬টা PT-76 টেংকেৰে সজ্জিত ২টা টেংক ট্ৰুপৰ সৈতে ২৯শ কেভালৰি ৰেজিমেন্টৰ অন্ততঃ ১৪ টা টেংকৰ এটা স্কোৱাড্ৰনো ঢাকাত মজুত আছিল।[42] এইখিনিৰ উপৰিও ৫৭ম ব্ৰিগেড, ১৪শ ডিভিজন আৰু ইষ্টান কমাণ্ড হেডকোৱাৰ্টাৰৰ ইঞ্জিনিয়াৰিং, চাপ্লাই, মেডিকেল ইউনিট আদি অন্যান্য সহযোগী অংগসমূহো ঢাকাত অৱস্থিত আছিল।

বঙালী শক্তি:[43]

"নেশ্যনেল চাৰ্ভিচ বেটেলিয়ন" নামেৰে জনাজাত ১০ম EBR অৰ কেইজনমান ট্ৰেইনাৰ বঙালী অফিচাৰ লেঃ কৰ্ণেল মইদুদ্দিন আহমেদৰ কমাণ্ডত আছিল।[44] পিলখানাত ২৫০০ EBR ট্ৰুপ (13শ, ১৫শ আৰু ১৬শ উইং, EBR HQ উইং আৰু চিগনেল উইং) আছিল।[45] প্ৰত্যেক EBR উইঙতে ৩টাকৈ কম্পেনী আছিল। যদিও বেছিভাগ ট্ৰুপেই পিলখানাত আছিল, ২টা কম্পেনী মীৰপুৰত, এটা ৰাষ্ট্ৰপতি ভৱনত আৰু এটা গৱৰ্ণৰৰ আৱাসত আছিল।[46] সমগ্ৰ EPR অৰ ডাইৰেক্টৰ জেনেৰেল আছিল ব্ৰিঃ নিচাৰ আহমেদ (পঃ পাকিস্তান) আৰু লেঃ কৰ্ণেল আনোৱাৰ ওচেইন চাহে (পঃ পাকিস্তান) EPR ঢাকা চেক্টৰ কমাণ্ড কৰিছিল। ৰাজৰবাগ পুলিচ লাইনত অন্ততঃ ২,০০০ সশস্ত্ৰ পুলিচ আছিল। ২য় EBR (C O লেঃ কৰ্ণেল ৰেকিব - বঙালী) ঢাকাৰ উত্তৰে জয়দেৱপুৰত আছিল। ইয়াৰ এটা কম্পেনী টাংগাইল, এটা মৈমনসিং আৰু এটা সৰু টুকুৰী গাজীপুৰত আছিল। EBR ২য় উইং HQ (CO কেপ্তেইন কমৰ আব্বাচ - পঃ পাকিস্তানী)-ও মৈমনসিঙত আছিল, ইয়াত কোনো বঙালী অফিচাৰ নাছিল।[47]


ঘটনাক্ৰম:[48]

মেজৰ জেনেৰেল ফাৰমানৰ পৰিকল্পনা মতে ঢাকাত পাকিস্তানী সেনাৰ কাৰ্য্যবিধি এনে আছিল:

  1. ১৩ নং ফ্ৰন্টিয়াৰ ফ'ৰ্চ ৰিজাৰ্ভ ফৌজ হিচাবে ঢাকাত থাকিব আৰু সুৰক্ষাৰ খেয়াল ৰাখিব।
  2. ৪৩ নং লাইট Ack Ack ৰেজিমেন্টে তেজগাওঁ এয়াৰপৰ্টৰ হিফাজত কৰিব।
  3. ২২ নং বেলুচ ৰেজিমেন্টে EPR -অক নিৰস্ত্ৰ কৰিব আৰু পাকিস্তান পিলখানা EPR HQ ৰ ৱায়াৰলেচ কব্জা কৰিব।
  4. ২২ নং পঞ্জাবে ৰাজৰবাগ পুলিচ ফৌজক নিষ্ক্ৰিয় কৰিব।
  5. ১৮ নং পঞ্জাব বিয়পি পৰি নৱাবপুৰ আৰু আৰু পুৰণি ঢাকা কব্জা কৰিব।
  6. ৩১ নং ফিল্ডে ২য় ৰাজধানী মহম্মদপুৰ আৰু মীৰপুৰ কব্জা কৰিব।
  7. ৩ নং SSG য়ে শ্বেখ মুজিবক আটক কৰিব।
  8. ২২ নং বেলুচ আৰু ৩২ নং পঞ্জাবে ঢাকা বিশ্ববিদ্যালয়ৰ "বিদ্ৰোহী"সকলক নিষ্ক্ৰান্ত কৰিব।
  9. পিলখানাত ২২ নং বেলুচৰ লগত আৰু সৈন্য যোগ কৰা হ'ব।

বঙালী EPR অফিচাৰসকলক পিলখানাত আৱদ্ধ কৰি ৰখা হ'ল আৰু সৈন্যসকলক নিষ্ক্ৰান্ত হৈ জিৰণি ল'বলৈ কোৱা হ'ল। ২৫ মাৰ্চৰ পুৱা ২২ নং বেলুচ ফৌজে পিলখানাৰ নিৰাপত্তাৰ দায়িত্ব ল'লে। য়াহায়া খান গুচি যোৱা বুলি উৰাবাতৰি বিয়পি পৰিল। আৱামী লীগৰ স্বেচ্ছাসেৱকসকলে ঢাকাৰ ৰাজপথসমূহৰ ঠায়ে ঠায়ে অৱৰোধ কৰিলে যদিও এইসমূহে পাক সেনাৰ চলাচলত বিশেষ বাধা দিব নোৱাৰিলে। অপাৰেচন ঢাকা কেন্টনমেন্টৰপৰা ০১০০ বজাত আৰম্ভ কৰাৰ কথা আছিল যদিও বঙালীসকলক প্ৰতিক্ৰিয়া কৰিবলৈ বেছি সময় নিদিবৰ বাবে পাক ফিল্ড কমাণ্ডাৰে ৰাতি ১১:৩০ বজাতে সেনা নিয়োগৰ কাম আৰম্ভ কৰি দিলে।[49] ঢাকাত পূৰ্বনিৰ্ধাৰিত লক্ষ্য হাচিল কৰিবলৈ সেনাক ৬ ঘণ্টা সময় দিয়া হ'ল। সেনাই অনতিপলমে অপাৰেচন আৰম্ভ হোৱাৰ আগে আগে ঢাকাৰ সকলো সংযোগ ব্যৱস্থা বন্ধ কৰি দিলে।

১০ নং বেংগলক সহজেই নিৰস্ত্ৰ কৰা হ'ল, আৰু পাচত এলিমিনেট কৰা হ'ল। ৩১ নং ফিল্ড ফৌজক ঢাকাত মকৰল কৰা হ'ল, লগতে নগৰখনৰ উত্তৰাঞ্চল অধিকাৰ কৰা হ'ল।[50] মেঃ বেলাল আৰু লেঃ কৰ্ণেল জেড এ খানৰ নেতৃত্বত কমাণ্ডো বাহিনীয়ে অনায়াসে মুজিবক কৰায়ত্ব কৰিলে যদিও[51] ২৯ মাৰ্চ পৰ্য্যন্ত এজনৰ বাদে আৱামী লীগৰ সকলো নেতা পলাই সাৰিবলৈ সক্ষম হয়।[38] মুজিবৰ এৰেষ্টৰ ঘটনাৱলী ঢাকাৰ খালিগাওঁ এলেকাত থকা তেওঁৰ বংশৰ লোকসকলে অ'ডিয়' ৰেকৰ্ডিং কৰি ৰাখিলে। বেলালৰ ফৌজক "বেলাল বয়জ" বুলি সম্বোধন কৰা হৈছিল। মুজিবৰ আটক কৰাৰ কথা "দ্য বিগ বাৰ্ড হেজ বিন কেপচাৰ্ড" (ডাঙৰ চৰাইটোক ধৰা হ'ল) বুলি (সম্ভবতঃ) সকলো ইউনিটকে জনাই দিয়া হ'ল। কম'ডৰ মোৱাজিম হুচেইনৰ মৃত্যুৰ খবৰ উৰ্দুত প্ৰচাৰ কৰা হ'ল। সেনাই তেজুদ্দিন আৰু ভুঞাঁকো বিচাৰি ওলাল। ঘোষণা কৰি দিয়া হ'ল যে বাংলাদেশ বা ক'লা পতাকা উত্তোলন কৰি ৰখা যিকোনো ঘৰ দেখিলেই ভাঙি পেলোৱা হ'ব। বঙালী ভাষাৰ কথা "স্থানীয় ভাষা" বুলি উল্লেখ কৰা হৈছিল। এই টেপৰ এটা নকল মুক্তিযুদ্ধ যাদুঘৰত দান কৰা হয়, মূল নকলটো মুজিবৰ ভাতৃ ড॰ মোজাম্মেল হুচেইনৰ ওচৰত থাকিল।


২২ নং বেলুচ বাহিনীয়ে EPR হেডকোৱাৰ্টাৰ আক্ৰমণ কৰি EBR বাহিনীক নিষ্ক্ৰান্ত কৰি ছেদেলি-ভেদেলি কৰি দিলে।[52] মীৰপুৰ, ৰাষ্ট্ৰপতিৰ আৱাস আৰু গৱৰ্ণৰৰ আৱাসত কৰ্তব্যৰত EBR সৈন্যসকলক প্ৰায় বিনাযুদ্ধে আটক কৰিলে। কোনো কোনো ফৌজী পলাই সাৰিল আৰু কিছুমানক হত্যা কৰা হ'ল।[53] ১৮ আৰু ৩২ পঞ্জাব বাহিনীয়ে ঢাকা বিশ্ববিদ্যালয় এলেকাত আক্ৰমণ কৰে। আৱামী লীগ স্বেচ্ছাসেৱীসকলৰ যৎসামান্য বাধা অতিক্ৰমি আৱাসিক হলবোৰত থকা নিৰস্ত্ৰ বিদ্যাৰ্থীসকলক হত্যা কৰাৰ লগতে কেইজনমান অধ্যাপককো হত্যা কৰে আৰু তৎপশ্চাত ২৬ মাৰ্চৰ পুৱা পুৰণি ঢাকাৰ হিন্দু এলেকাত আক্ৰমণ আৰম্ভ কৰে।[54] আৱামী লীগৰ স্বেচ্ছাসেৱীসকলৰ সহায়ত ৰাজৰবাগৰ পুলিচে শক্তিশালী প্ৰতিৰোধ গঠন কৰিলেও এসময়ত ভাগি পৰে আৰু বেচিভাগ জীৱিত ধৰা পৰে অথবা ছত্ৰভংগ দিয়ে।[55] এই অপাৰেচনৰ সময়ছোৱাত পাকিস্তানী সৈন্যই সাধাৰণ নাগৰিকৰ সুৰক্ষাক আওকাণ কৰি নিৰ্বিচাৰে কামান ব্যৱহাৰ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত ঢাকা চহৰত ৰাতিৰ ভাগত কাৰ্ফিউ বলবৎ কৰা হয়। কিছুসংখ্যক EPR আৰু পুলিচে চহৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।[56] মাৰ্চৰ ২২ তাৰিখৰ পৰা ৫ এপ্ৰিললৈকে ছেগা-চোৰোকাকৈ সৈন্যবাহিনীৰ ওপৰত আক্ৰমণ চলি থাকিল। পাকিস্তানী সৈন্যই শ্বাহিদ মিনাৰ (Shaheed Minar)ৰ লগতে 'ডেইলি ইত্তাফাক' (Daily Ittafaq)আৰু 'ডেইলি পিপল' (Daily People) ৰ কাৰ্য্যলয় তথা ৰমনাৰ কালি মন্দিৰ ধ্বংস কৰে।

ধৰা পৰা বঙালী সৈন্য, EPR আৰু পুলিচসকলক কোনো ধৰণৰ বিচাৰ নোহোৱাকৈয়ে কাৰাদণ্ড অথবা মৃত্যুদণ্ড প্ৰদান কৰা হ'ল। ২৬ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈকে 'গ্ৰেট ফ্লাই-ইন' (GREAT FLY-IN) নামেৰে এক অপাৰেচন আৰম্ভ হয়।[57]

তথ্যসূত্ৰ

  1. Salik, Siddiq, Witness to Surrender, p90, ISBN 984-05-1373-7
  2. Shafiullah, Maj. Gen. K.M., Bangladesh at War, p33 ISBN 984-401-322-4
  3. 3.0 3.1 Islam, Major Rafiqul, A Tale of Millions, p66, ISBN 984-412-033-0
  4. Qureshi, Maj. Gen. Kakeem Arshad, The 1971 Indo-Pak War: A Soldier’s Narrative, p20, Oxford University Press ISBN 0-19-579778-7
  5. Salik, Siddiq, Witness to Surrender, p135
  6. Shafiullah, Maj. Gen. K.M., Bangladesh at War, p135 ISBN 984-401-322-4
  7. Hamdoor Rahman Commission Report, Chapter IV, paragraph II
  8. Islam, Major Rafiqul, A Tale of Millions, p274, ISBN 984-412-033-0
  9. Sarmila Bose Anatomy of Violence: Analysis of Civil War in East Pakistan in 1971: Military Action: Operation Searchlight Archived 2007-03-01 at the Wayback Machine Economic and Political Weekly Special Articles, October 8, 2005
  10. Salik, Siddiq, Witness To Surrender, p63, p228-9 id = ISBN 984-05-1373-7
  11. 11.0 11.1 Pakistan Defence Journal, 1977, Vol. 2, pp. 2-3
  12. Southwick, Katherine (2011). Brad K. Blitz, Maureen Jessica Lynch. ed. Statelessness and Citizenship: A Comparative Study on the Benefits of Nationality. Edward Elgar Publishing. পৃষ্ঠা. 119. ISBN Edward Elgar Publishing. 
  13. Salik, Siddiq, Witness To Surrender, p235, Text of Surrender Document ISBN 984-05-1373-7
  14. 14.0 14.1 14.2 14.3 14.4 14.5 Salik, Siddiq, Witness To Surrender, pp. 48-51 id = ISBN 984-05-1373-7
  15. Islam, Major Rafiqul, A Tale of Millions, p. 57, ISBN 984-412-033-0
  16. Farman Ali, Maj. Gen. Rao, How Pakistan got Divided, p. 60
  17. 17.0 17.1 Witness to Surrender, Salik, Siddiq, pp. 63-64 ISBN 984-05-1373-7
  18. 18.0 18.1 Salik, Siddiq, Witness To Surrender, pp. 228–229
  19. Islam, Major Rafiqul, A Tale of Millions, p. 57 ISBN 984-412-033-0
  20. Shamsul Arefin, ASM, History, Standing of - - War of Liberation, pp. 340–341
  21. 21.0 21.1 Qureshi, Maj Gen Hakeem, The 1971 Indo-Pak War, p. 20
  22. Major Nasir Uddin, Judhay Judjay Shadhinota, p. 103
  23. 23.0 23.1 Bhuiyan, Major Kamrul Hassan, Shadinata Volume one, pp129
  24. Singh, Maj. Gen. Sukhwant, The Liberation of Bangladesh Vol.1, p. 83
  25. [1]
  26. 26.0 26.1 Rahman, Commando Khalilur Rahman, Muktijudday Nou Abhijan, p. 25
  27. 27.0 27.1 Shamsul Arefin, ASM, History, Standing of - - War of Liberation, pp. 5–14
  28. Chowdhury, Lt. Col. Abu Osman, Our Struggle is The struggle for Independence, pp97
  29. Shafiullah, Maj. Gen. K.M., Bangladesh at War, p. 69 ISBN 984-401-322-4
  30. Farman Ali, Maj. Gen. Rao, How Pakistan got Divided, p. 84
  31. 31.0 31.1 Shafiullah, Maj. Gen. K.M., Bangladesh at War, p. 27, ISBN 984-401-322-4
  32. Major Nasir Uddin, Judhay Judjay Shadhinota, p. 94
  33. Niazi, Lt. Gen A.A.K, The Betrayal of East Pakistan, p. 76
  34. Shafiullah, Maj. Gen. K.M., Bangladesh at War, p. 57, ISBN 984-401-322-4
  35. Salik, Siddiq, Witness To Surrender, p. 69
  36. Islam, Major Rafiqul PSC (ret), Muktijuddher Itihas, p. 185
  37. Shamsul Arefin, ASM, History, Standing of - - War of Liberation, p. 7
  38. 38.0 38.1 Farman Ali, Maj. Gen. Rao, How Pakistan got Divided, p. 83
  39. "The Rape of Bangladesh", Anthony Mascarnehas, Viks Press, Delhi, 1983
  40. Salik, Siddiq, Witness To Surrender, p. 231
  41. Shamsul Arefin, ASM, History, Standing of - - War of Liberation, p. 340
  42. Bhuiyan, Major Kamrul Hassan, Shadinata Volume one, pp127
  43. Shamsul Arefin, ASM, History, Standing of - - War of Liberation, p. 15
  44. Bhuiyan, Major Kamrul Hassan, Shadinata Volume one, pp133
  45. Shafiullah, Maj. Gen. K.M., Bangladesh at War, p. 47
  46. Islam, Major Rafiqul PSC (ret), Muktijuddher Itihas, p. 150
  47. Islam, Major Rafiqul PSC (ret), Muktijuddher Itihas, p. 176
  48. Salik, Siddiq, Witness To Surrender, p. 73
  49. Salik, Siddiq, Witness To Surrender, p. 72
  50. Islam, Maj Rafiql, A Tale of Millions, p. 114
  51. Salik, Siddiq, Witness To Surrender, p. 75
  52. Shafiullah, Maj. Gen. K.M., Bangladesh at War, p. 48
  53. Islam, Major Rafiqul PSC (ret), Muktijuddher Itihas, pp. 152–154
  54. Islam, Maj Rafiql, A Tale of Millions, pp. 115–116
  55. Islam, Major Rafiqul PSC (ret), Muktijuddher Itihas, p. 153
  56. Islam, Major Rafiqul PSC (ret), Muktijuddher Itihas, p. 155
  57. Salik, Siddiq, Witness To Surrender, p. 87 id = ISBN 984-05-1373-7

উৎস

  • Salik, Siddiq (1997). Witness to Surrender. ISBN 984-05-1374-5. 
  • Jacob, Lt. Gen. JFR (2004). Surrender at Dacca: Birth of A Nation. The University Press Limited. ISBN 984-05-1532-2. 
  • Qureshi, Maj. Gen. Hakeem Arshad (2003). The Indo Pak War of 1971: A Soldiers Narrative. Oxford University Press. ISBN 0-19-579778-7. 
  • Islam, Major Rafiqul (2006). A Tale of Millions. Ananna. ISBN 984-412-033-0. 
  • Shafiullah, Maj. Gen. K.M (2006). Bangladesh at War. Agamee Prakshani. ISBN 984-401-322-4. 
  • Rahman, Md. Khalilur (2006). Muktijuddhay Nou-Abhijan. Shahittha Prakash. ISBN 984-465-449-1. 
  • Mukul, M. R. Akthar (2004). AMI Bijoy Dekhechi. Sagar Publishers. ISBN 9-844-5200-5. 
  • Niazi, Lt. Gen A.A.K (1998). The Betrayal of East Pakistan. Oxford University Press. ISBN 0-19-577727-1. 
  • Hassan Khan, Lt. Gen. Gul (1978). Memories of Lt.Gen Gul Hassan Khan. Oxford University Press. ISBN 0-19-547329-9. 
  • Ali Khan, Maj. Gen Rao Farman (1992). How Pakistan Got Divided. Jung Publishers. 
  • Ahmed, Col (ret.) Oli (2008). Rastrobiplob Samorik Bahinir Sadashsbindu Abong Bangladesher Muktizuddah. Annesha Prokashon. ISBN [[Special:BookSources/9847011600239 |9847011600239 ]]. 
  • Jones, Owen Bennet (2003). Pakistan Eye of the Storm. Yale University Press. ISBN 0-300-10147-3. 
  • Shamsul Arefin, A.S.M (1998). Bangladesh war of liberation. The University Press Ltd.. ISBN 984-05-0146-1. 
  • Jamil, Col(ret.) Shafat (2000). Ekaturrer Muktijuddho Raktakto Moddho August o Shorojantromoy November. Shahitta Prokash. ISBN [[Special:BookSources/986-465-144-1 |986-465-144-1 ]]. 
  • Bhuyan, Maj. Gen.(ret.) MSA (2000). Muktijuddhay Noi Mash. Ahmed Publishing House. ISBN 984-11-0326-5. 
  • Major Nasir Uddin (2005). Juddhay Juddhay Shadhinota. Agami Prokashoni. ISBN 984-401-455-7. 
  • Islam, Major Rafiqul PSC (ret.) (1995). Muktijuddher Itihas. Kakoli Prokashoni. ISBN 984-437-086-8. 
  • Bhuiyan, Major Qamrul Hassan, ed (2009). Shadhinata Volume One. Center of Bangladesh Liberation War studies. ISBN [[Special:BookSources/9847000800008 |9847000800008 ]]. 
  • Chowdhury, Lt. Col. Abu Osman (2010). Our Struggle is The struggle for Independence. Charulipi Prokashana. ISBN [[Special:BookSources/9847018700352 |9847018700352 ]]. 
  • Ullah, Col. Md. Shafique (2005). Muktijuddher Naucommando. Ahmad Publishing House. ISBN [[Special:BookSources/984-11-0580-4 |984-11-0580-4 ]]. 

অতিৰিক্ত পঠন

বহিঃ সংযোগ

Kembali kehalaman sebelumnya